প্ৰাইভেট স্কুলত দৰিদ্ৰ পৰিয়ালৰ শিক্ষাৰ্থীৰ বাবে সংৰক্ষিত থাকিব ২৫ শতাংশ আসন - প'ৰ্টেল আৰম্ভ কৰিছে শিক্ষা বিভাগে
গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কঠোৰ স্থিতি আৰু নিৰ্দেশ অনুসৰি অসমৰ শিক্ষা বিভাগে শিক্ষাৰ অধিকাৰ আইনৰ ব্যৱস্থা মতে প্ৰাইভেট স্কুলত দৰিদ্ৰ আৰু আৰ্থিকভাৱে পিছপৰা পৰিয়ালৰ শিক্ষাৰ্থীৰ বাবে ২৫ শতাংশ আসন সংৰক্ষণৰ বাবে কাৰ্যকৰী ব্যৱস্থা গ্রহণ কৰিবলৈ বাধ্য হৈছে। ২০০৯ চনৰ শিক্ষাৰ অধিকাৰ অনুসৰি প্ৰাইভেট স্কুলত হোৱা নামভৰ্তিৰ সময়ত ২৫ শতাংশ আসন আর্থিকভাৱে পিছপৰা পৰিয়ালৰ শিক্ষাৰ্থীৰ (শিক্ষানুষ্ঠানৰ ওচৰত বসবাসক কৰা) বাবে সংৰক্ষণ কৰাটো বাধ্যতামূলক । অসমত সুদীর্ঘ দিন ধৰি এই ব্যৱস্থা বলবৎ নোহোৱাত এটা স্বেচ্ছাসেবী সংগঠনে ন্যায়ালয়ত এখন জনস্বার্থজড়িত আবেদন দাখিল কৰিছিল৷ শুনানিত ন্যায়ালয়ে শিক্ষা বিভাগ তথা ৰাজ্য চৰকাৰক দিয়া বাৰম্বাৰ সকীয়নিৰ পাছত অৱশেষত শিক্ষা বিভাগে ব্যৱস্থা গ্রহণ কৰিছে। সেইমৰ্মে এই সংৰক্ষণ কাৰ্যকৰী কৰাটো নিশ্চিত কৰাৰ বাবে শিক্ষা বিভাগে এটা ৱেব প'র্টেল মুকলি কৰিছে আৰু ৩০ ডিচেম্বৰৰপৰা এই প'ৰ্টেল কাৰ্যকৰী কৰিব।
