সম্পত্তিৰ মূল্য হ্ৰাস পাইছে আম্বানি-আদানিৰ
সম্পত্তিৰ মূল্য হ্ৰাস পাইছে আম্বানি-আদানিৰ ব্লুমবার্গৰ 'এলিট চেন্টি বিলিয়নিয়েৰ ক্লাব'ৰপৰা বাহিৰ হ’ল আম্বানি আৰু আদানি বিশ্ব প্ৰসিদ্ধ বজাৰ বিশ্লেষক সংস্থা ব্লুমবার্গৰ 'এলিট চেন্টি বিলিয়নিয়েৰ ক্লাব'ৰপৰা বাহিৰ হ'বলগীয়া হৈছে ভাৰতৰ ধনাঢ্য উদ্যোগপতি মুকেশ আম্বানি আৰু গৌতম আদানি। উল্লেখ্য যে বিশ্বৰ যিসকল পুঁজিপতিৰ মুঠ সম্পত্তিৰ মূল্য ১০০ বিলিয়ন ডলাৰ অৰ্থাৎ ৮.৪৯ লাখ কোটি টকা বা তাতকৈ বেছি তেওঁলোকক 'এলিট চেন্টি বিলিয়নিয়েৰ ক্লাব'ত অন্তর্ভুক্ত কৰি ব্লুমবার্গে প্ৰতি বছৰে এখন তালিকা প্রকাশ কৰে। এই তালিকাত এইবাৰ স্থান পোৱা নাই নুঠিল ভাৰতীয় বিলিয়নাৰ মুকেশ আম্বানি আৰু গৌতম আদানিয়ে। তথ্য অনুসৰি দুয়োজনৰে সম্পত্তিৰ মূল্য পূৰ্বতকৈ হ্রাস হোৱা বাবেই তেওঁলোক ব্লুমবার্গৰ 'এলিট চেন্টি বিলিয়নিয়েৰ ক্লাব'ৰপৰা বাহিৰ হ'বলগীয়া হৈছে। 'ব্লুমবার্গ বিলিয়নিয়েৰ ইণ্ডেক্স' শীর্ষক প্রতিবেদন অনুসৰি এই বৰ্ষৰ জুলাইত যেতিয়া মুকেশ আম্বানিৰ পুত্ৰ অনন্ত আম্বানিৰ বিবাহ সময়লৈকে আম্বানিৰ মুঠ সম্পত্তিৰ মূল্য আছিল ১২০.৮ বিলিয়ন মার্কিন ডলাৰ। কিন্তু যোৱা ১৩ ডিচেম্বৰলৈকে আম্বানিৰ সম্পত্তিৰ মূল্য ৯৬.৭ বিলিয়ন ডলাৰলৈ হ্রাস হৈছে। আনহাতে, এই বৰ্ষৰ জুনত গৌতম আদানিৰ মুঠ সম্পত্তিৰ মূল্য আছিল ১২২.৩ বিলিয়ন ডলাৰ। সম্প্ৰতি তেওঁৰ সম্পত্তিৰ মূল্য হৈছে ৮২.১ বিলিয়ন ডলাৰ। বিশ্বৰ ধনী ব্যক্তিসকলৰ তালিকাত সম্প্রতি মুকেশ আম্বানি আৰু গৌতম আদানি ক্ৰমে ১৭ আৰু ১৯সংখ্যক স্থানত আছে।
