সীমান্তৰ সুৰক্ষাত ব্যৰ্থ হৈছে বিজেপি চৰকাৰঃ মুখ্যমন্ত্ৰী আতিশী

দিল্লীত ৰোহিঙীয়াৰ সংস্থাপনক লৈ আপত্তি দেশৰ সীমান্ত সুৰক্ষাৰ ক্ষেত্ৰত বিজেপি চৰকাৰ অভিযোগ ব্যৰ্থ হৈছে বুলি গুৰুতৰ অভিযোগ কৰিছে দিল্লীৰ মুখ্যমন্ত্রী আতিশীয়ে। দিল্লীত বৃহৎসংখ্যক ৰোহিঙীয়া শৰণাৰ্থীক বিজেপি নেতৃত্বাধীন চৰকাৰে দিল্লী চৰকাৰক অৱগত নকৰাকৈয়ে সংস্থাপন কৰা বুলি অভিযোগ কৰি তেওঁ কয় যে কোনো বাধা নোপোৱাকৈয়ে ভাৰত-বাংলাদেশ সীমান্ত অতিক্ৰম কৰি দৈনিক বহু লোকে ভাৰতত প্ৰৱেশ কৰিছে। ইয়ে প্ৰমাণ কৰে যে সীমান্ত সুৰক্ষাত বিজেপি চৰকাৰ সম্পূৰ্ণৰূপে ব্যর্থ হৈছে ৷ এই সম্পৰ্কত তেওঁ কেন্দ্ৰীয় গৃহমন্ত্ৰীলৈ আজি এখন পত্ৰ প্ৰেৰণ কৰিছে। বিজেপি আৰু কেন্দ্ৰীয় চৰকাৰে কিমান ৰোহিঙীয়াক দিল্লীত ঠাই দিলে, বিজেপিয়ে অবৈধ ৰোহিঙীয়াসকলক ইচ্ছাকৃতভাৱে দিল্লীলৈ আনিলে নেকি, ৰোহিঙীয়াসকলক দিল্লীত সংস্থাপন কৰাৰ বিষয়টো দিল্লীবাসী আৰু দিল্লী চৰকাৰৰপৰা বিজেপিয়ে কিয় লুকুৱালে — এই প্ৰশ্নবোৰৰ তেওঁ উত্তৰ বিচাৰিছে৷