স্মাৰ্ট মিটাৰ হ'ল চেনচিটিভ মিটাৰ, স্মাৰ্ট মন্তব্য শক্তি মন্ত্ৰী প্ৰশান্ত ফুকনৰ

স্মাৰ্ট মিটাৰ হ'ল চেনচিটিভ মিটাৰ, স্মাৰ্ট মন্তব্য শক্তি মন্ত্ৰী প্ৰশান্ত ফুকনৰ ৰাজ্যৰ নৱনিযুক্ত শক্তি মন্ত্ৰী প্ৰশান্ত ফুকনেও অৱধাৰিতভাৱে স্মাৰ্ট মিটাৰৰ সপক্ষেই থিয় দিলে। ডিব্ৰুগড়ৰ পৰা গুৱাহাটী অভিমুখে আহি থক অৱস্থাত সোমবাৰে পুৱা বোকাখাতত সাংবাদিকৰ সন্মুখত মন্তব্য প্ৰশান্ত ফুকনৰ। লগতে শক্তি বিভাগ ক নতুনত্ব প্ৰদানৰ চিন্তা-চৰ্চা কৰা বুলিও ক'লে ফুকনে। শক্তি বিভাগত বিশেষ কিছু সংস্কাৰ অনাৰ চেষ্টা আৰম্ভ কৰাৰ কথা অৱগত কৰিলে মন্ত্ৰী ফুকনে। বোকাখাতত পেৰা-পুৰীৰ জুতি লৈ গুৱাহাটী অভিমুখে ৰাওনা হয় মন্ত্ৰী ফুকন।