চতুৰ্থবাৰলৈ বাংলাদেশত শ্বেখ হাছিনাৰ চৰকাৰ

বাংলাদেশৰ সাধাৰণ নিৰ্বাচনত বৰ্তমানৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা আৰু তেওঁৰ দল আৱামী লীগ একেৰাহে চতুৰ্থবাৰৰ বাবে আৰু সামগ্ৰিকভাৱে পঞ্চমটো কাৰ্যকালৰ বাবে নিৰ্বাচিত হৈছে। ৭ জানুৱাৰীৰ সাধাৰণ নিৰ্বাচনত প্ৰধান বিৰোধী দল বেগম খালেদা জিয়া নেতৃত্বাধীন বাংলাদেশ নেশ্যনেলিষ্ট পাৰ্টীয়ে নিৰ্বাচন বৰ্জন কৰিছিল। এতিয়াও গণনা চলি থকাৰ সময়তে আৱামী লীগে ৩০০ আসনৰ সংসদত ২০০খন আসন লাভ কৰিছে বুলি পিটিআইৰ বাতৰিত প্ৰকাশ। তাৎপৰ্যপূৰ্ণভাৱে মাত্ৰ ৪০ শতাংশ ভোটাৰেহে এই সাধাৰণ নিৰ্বাচনত ভোটদান কৰে। দেওবাৰৰ সাধাৰণ নিৰ্বাচনৰ সময়ত ভোটগ্ৰহণ কেন্দ্ৰত জুই, ৰে’লত অগ্নিসংযোগৰ দৰে বিক্ষিপ্ত হিংসাত দুটা শিশুকে ধৰি চাৰিজন লোকৰ মৃত্যু হয়। একাধিক সংবাদ মাধ্যমে ভোটগ্ৰহৰ সময়ত বেলট বাকচত দুৰ্বৃত্তই বলপূৰ্বক বেলট পেপাৰ ভৰোৱাৰ উপৰি দুজন ব্যক্তিক গুলীয়াই হত্যা কৰাৰ বাতৰিও প্ৰকাশ কৰিছে। প্ৰাক্তন প্ৰধানমন্ত্ৰী খালেদা জিয়াৰ BNPয়ে হাছিনাই পদত্যাগ কৰি কেয়াৰটেকাৰ চৰকাৰ এখনক দায়িত্ব দিয়াৰ দাবী জনাইছিল। হাছিনাৰ চৰকাৰে সেয়া অস্বীকাৰ কৰাৰ পিছতে নিৰ্বাচন বৰ্জনৰ সিদ্ধান্ত লয় খালেদা জিয়াৰ দলে। ভোটৰ আগদিনাৰ পৰা বিএনপিয়ে ৪৮ ঘণ্টীয়া দেশজোৰা সাধাৰণ ধৰ্মঘটৰ আহ্বান জনাই প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ 'অবৈধ চৰকাৰ'ৰ পদত্যাগৰ দাবী আৰু৭ জানুৱাৰীৰ সাধাৰণ নিৰ্বাচনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে।