আকৌ কাৰাগাৰলৈ বিলকিছ বানোৰ ধৰ্ষণকাৰী, ঐতিহাসিক ৰায় উচ্চতম ন্যায়ালয়ৰ

২০০২ চনৰ গুজৰাট সংঘৰ্ষৰ সময়ত বিলকিছ বানোক ধৰ্ষণ কৰি পৰিয়ালক হত্যা কৰাৰ অপৰাধত দোষী সাব্যস্ত হৈ ২০২২ চনত ‘ভাল আচৰণ’ৰ বাবে আগতীয়াকৈ মুক্তি লাভ কৰা ১১ জন লোক পুনৰ কৰাগাৰলৈ লৈ উভতি যাব লাগিব বুলি উচ্চতম ন্যায়ালয়ে দিলে ৰায় । গুজৰাট চৰকাৰৰ অভিযুক্তসকলক মুক্তিৰ সিদ্ধান্ত বাতিল কৰি ন্যায়ালয়ে কয় যে দুসপ্তাহৰ ভিতৰত দোষীসকলে আত্মসমৰ্পণ কৰিব লাগিব। দেশজুৰি সমালোচিত গুজৰাট চৰকাৰৰ সিদ্ধান্ত সম্পৰ্কে উচ্চতম ন্যায়ালয়ে নিজৰ ৰায়ত কয় যে ২০২২ চনত গুজৰাট চৰকাৰে নিজৰ কৰ্তৃত্বৰ বাহিৰলৈ গৈ লোককেইজনক মুকলি কৰি দিছিল। গুজৰাট চৰকাৰে দোষীসকলক ৰেহাই দি দিয়া নিৰ্দেশক নস্যাৎ কৰি কয় যে অপৰাধীক মুকলি কৰি দিব পাৰিব কেৱল সেই ৰাজ্যই, য’ত তেওঁলোকৰ বিৰুদ্ধে বিচাৰ চলি আছে। অথচ বিলকিছ বানোৰ গোচৰটো চলি আছিল মহাৰাষ্ট্ৰত। আদালতে কয় যে গুজৰাট চৰকাৰৰ সিদ্ধান্ত ক্ষমতাৰ পৰিধিৰ বাহিৰলৈ গৈ তাৰ অপব্যৱহাৰৰ দৃষ্টান্ত। ব্যক্তিগত স্বাধীনতাৰ অধিকাৰৰ প্ৰেক্ষাপটত দোষীসকলে পুনৰ জেললৈ যাব লাগিব নেকি সেই প্ৰশ্নটোৰ ওপৰত গুৰুত্ব আৰোপ কৰি শীৰ্ষ আদালতে সিদ্ধান্ত লয় যে যদিহে তেওঁলোকক কাৰাগাৰৰ বাহিৰত থাকিবলৈ দিয়া হয় তেন্তে সেয়া ‘অবৈধ আদেশ’ৰ বৈধতা প্ৰদান কৰা হ'ব । সৰ্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ নাগৰ্থনা আৰু উজ্জ্বল ভূঞাই কয় যে তেওঁলোকে সাম্ভাৱ্য প্ৰতি প্ৰতি অজ্ঞান হৈ আইনৰ শাসন ৰক্ষা কৰিব লাগিব। ২০২২ চনৰ মে’ মাহত উচ্চতম ন্যায়ালয়ৰে ন্যায়াধীশ অজয় ৰাষ্টোগীয়ে (অৱসৰপ্ৰাপ্ত) দিয়া ৰায়কো সমালোচনা কৰে । এই ৰায়ৰ আধাৰতে দোষীসকলে আগতীয়াকৈ ক্ষমা বিচাৰি গুজৰাট চৰকাৰৰ ওচৰত আবেদন কৰিব পাৰিছিল। ন্যায়াধীশদ্বয়ে কয় যে দোষীসকলে এই আদেশ ‘প্ৰৱঞ্চনামূলক উপায়েৰে’ হে পাইছিল। গুজৰাট চৰকাৰেও ২০২২ চনৰ নিৰ্দেশৰ পুনৰীক্ষণ বিচাৰিব লাগিছিল বুলিও তেওঁলোকে উল্লেখ কৰে। ২০০২ চনত ২১ বছৰীয়া বিলকিছ বানো আছিল ৫ মাহৰ গৰ্ভৱতী। সবৰমতী এক্সপ্ৰেছত অগ্নিকাণ্ডত ৫৯জন কৰসেৱকৰ মৃত্যু হোৱাৰ পিছত গুজৰাটত সাম্প্ৰদায়িক সংঘৰ্ষই ভয়ংকৰ ৰূপ লৈছিল। তেতিয়াই পলায়নৰ চেষ্টা চলোৱা বিলকিছ বানো দলবদ্ধ ধৰ্ষণৰ বলি হৈছিল, তেওঁৰ পৰিয়ালৰ সাতজনকৈ সদস্যক নৃশংসভাৱে হত্যা কৰা হৈছিল যাৰ মাজত আছিল তেওঁৰ তিনিবছৰীয়া কণ্যাও।