সাপে দংশন কৰিলে কি কৰা উচিত?

সাপে দংশন কৰিলে কি কৰা উচিত? সাধাৰণতে মানুহ এজনক সাপে দংশন কৰিলে মানুহৰ স্নায়ুত আঘাত কৰে আৰু চকুৰ পটা নামি যায়, উশাহ-নিশাহ লোৱাত কষ্ট পায়, হাত-ভৰি দুৰ্বল হৈ পৰা আদি লক্ষণে দেখা দিয়ে। বেছিভাগ সাপে দংশন হাত বা ভৰিতে কৰে। দংশন হোৱা অংগটো লৰচৰ কৰিব নালাগে। সাপে দংশন কৰা মানুহ এজনক আপুনি মানসিক ভাৱে সবল কৰিবলৈ চেষ্টা কৰিব লাগে! হাতত আঙুঠি বা খাৰু থাকিলে খুলি দিব লাগে। বিষ উলিয়াবলৈ মুখেৰে দংশন কৰা অংশ কেতিয়াও চুপিব নালাগে লগতে বেজ বা গাঁৱলীয়া চিকিৎসকক দেখুৱাব নালাগে তৎক্ষণাত হাস্পতালত লৈ যোৱাৰ ব্যৱস্থা কৰিব লাগে।