ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী ছিৰিজৰ তৃতীয় টেষ্ট ড্ৰ

অষ্ট্ৰেলিয়া আৰু ভাৰতৰ মাজত ব্ৰীছবেনত অনুষ্ঠিত বৰ্ডাৰ —গাভাস্কাৰ ট্ৰফী ছিৰিজৰ তৃতীয় টেষ্ট কম পোহৰ আৰু বৰষুণৰ মাজত আজি ড্ৰ ৰূপে সমাপ্ত হৈছে ৷ টেষ্টৰ আজি অন্তিম দিনা জয়ৰ বাবে ৫৪ অভাৰত ২৭৫ ৰানৰ এক অসম্ভৱ লক্ষ্য লাভ কৰা ভাৰতে দ্বিতীয় ইনিংছত বিনা উইকেটত ৮ ৰান কৰাৰ পাছতে বৰষুণৰ বাবে আৰু খেল নহ’ল৷ কে এল ৰাহুল আৰু যশস্বী জয়ছোৱালে ৪ৰানকৈ কৰি নট আউট হৈ থাকে৷প্ৰথম ইনিংছত ১৮৫ ৰানৰ অগ্ৰগতি লাভ কৰা অষ্ট্ৰেলিয়াই ইয়াৰ আগেয়েআজি ৭উইকেটত ৮৯ ৰান কৰি দ্বিতীয় ইনিংছ ঘোষণা কৰে ৷ জছপ্ৰীত বুমৰাহে ৩টা উইকেট দখল কৰাৰ বিপৰীতে ২টাকৈ উইকেট লয় আকাশদীপ আৰু মহম্মদ ছিৰাজে ৷ আনহাতে,ভাৰতে আজি আগদিনাৰ ৯ উইকেটত ২৫২ ৰানৰপৰা খেলিবলৈ আৰম্ভ কৰি ২৬০ ৰানত প্ৰথম ইনিংছ সামৰে ৷আকাশদীপে ৩১ ৰান কৰি আউট হয়৷আলহী দলটোৰ ইনিংছত কে এল ৰাহুল (৮৪ৰান)আৰু ৰবীন্দ্ৰ জাডেজাই (৭৭ৰান)অৰ্ধ শতৰান কৰে ৷ অষ্ট্ৰেলিয়াই প্ৰথম ইনিংছত কৰিছিল৪৪৫ ৰান ৷ অষ্ট্ৰেলিয়াৰ প্ৰথম ইনিংছত ট্ৰেভিছ হেডে ১৫২ আৰু ষ্টিভ স্মিথে ১০২ ৰানৰ শতৰানৰ ইনিংছ খেলিছিল ৷ বুমৰাহে ৭৬ ৰানত ছটা উইকেট দখল কৰে। হেডে লাভ কৰে মেন অৱ দা মেচৰ বঁটা ৷পাঁচখন টেষ্টৰ ছিৰিজত দুয়োটা দলে ১—১ত সমতা স্হাপন কৰি আছে ৷ছিৰিজৰ চতুৰ্থ খন টেষ্ট মেলবৰ্ণত ২৬ ডিচেম্বৰৰপৰা অনুষ্ঠিত হ’ব ৷