ছেনছেক্সত ৮০০ পইণ্টৰো অধিক ক্ষতি

মঙলবাৰে ছেনছেক্সৰ মূল্য ৮০০ পইণ্টতকৈয়ো অধিক হ্ৰাস পাইছে৷ ছেনছেক্স ৮০,৯১৫.৮৩ পইণ্টলৈ অৱনমিত হোৱাৰ ব্যৱসায় বিপৰীতে নিফটী মূল্য প্ৰায় ২৫০ পইণ্ট হ্ৰাস পাই ২৪,৪২৪.৬৫ পইণ্টলৈ কমিছে । ১৭-১৮ ডিচেম্বৰত অনুষ্ঠিত হ’বলগীয়া আমেৰিকাৰ ফেডাৰেল ৰিজাৰ্ভৰ গুৰুত্বপূৰ্ণ বৈঠকৰ পূৰ্বে বিনিয়োগকাৰীসকল সতৰ্ক হৈ থকাৰ বাবেই ষ্টক মাৰ্কেটত এনে প্ৰভাৱ পৰা বুলি বিশেষজ্ঞসকলে মন্তব্য কািছে৷ ভাৰতী এয়াৰটেল, টিচিএছ, পাৱাৰ গ্ৰীড কৰ্প, লাৰ্চেন, ৰিলায়েন্স আদিয়ে দিনটোত অধিক ক্ষতিৰ সম্মুখীন হৈছে৷