সমাবায় সমিতিয়ে পাব চৰকাৰী অনুদান, কেনেকৈ পাব এই ধন

অসম চৰকাৰৰ সমবায় চলিত ২০২৪-২৫ বিত্তীয় বৰ্ষৰ বাবে ৰাজ্যখনৰ সমবায় সমিতিসমূহক আর্থিক সাহায্য প্ৰদানৰ বাবে আবেদন আহ্বান কৰিছে৷ গাঁও পঞ্চায়ত সমবায় সমিতি, মহিলা সমবায় সমিতি, দুগ্ধ সমবায় সমিতি আৰু BBSSL আঁচনিৰ অধিনস্থ সমবায় সমিতি, NCCF/NAFED আঁচনিৰ অধিনস্থ সমবায় সমিতি, জন ঔষধী কেন্দ্ৰ আঁচনিৰ অধিনস্থ সমবায় সমিতি, আৰু থলুৱা উৎপাদিত সামগ্ৰীৰ ব্যৱসায়ৰ লগত জড়িত সমবায় সমিতিসমূহে এই সাহায্য পাবৰ বাবে আবেদন কৰিব পাৰিব৷ হিতাধিকাৰী হ’ব বিচৰা সমাবায় সমিতিবোৰ অসম সমবায় সমিতি আইন, ২০০৭ৰ অধিনত যথাযথভাবে পঞ্জীয়নভুক্ত সমবায় সমিতি হোৱাৰ লগতে সমবায় সমিতিসমূহৰ ২০২১-২২,২০২২-২৩ আৰু ২০২৩- ২০২৪ বিত্তীয় বৰ্ষৰ যথাবিধি হিচাপ পৰীক্ষণ হোৱাটো বাঞ্ছনীয়। বিগত ৩ (তিনি) বছৰ ধৰি নিয়মিতভাৱে বার্ষিক সাধাৰণ সভা অনুষ্ঠিত কৰা সমিতিবোৰকহে যোগ্য বিবেচনা কৰা হ'ব। অনলাইন আবেদন-পত্র www.farcs.assam.gov.in শীৰ্ষক ৱেবছাইটত দাখিল কৰিব লাগিব৷ আবেদন দাখিলৰ শেষ তাৰিখ অহা ২০ ডিচেম্বৰ৷