আৰু কিমান বাঢ়িব শীত? বতৰ বিজ্ঞান কেন্দ্ৰা আগজাননী
অহা কেইদিনত আৰু বৃদ্ধি পাব শীত৷ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যখনৰ বিভিন্ন স্থানত হ্ৰাস পাব পাৰা স্তম্ভ৷ চুবুৰীয়া মেঘালয়, অৰুণাচল প্ৰদেশৰ লগতে অসমৰ কোনো কোনো ঠাইত পাতলীয়া বৰষুণ অহাৰো আগজাননী দিয়া হৈছে। বর্তমান বেছিভাগ ঠাইতে তাপমাত্রা স্বাভাৱিক হৈ আছে যদিও আগন্তুক তিনি-চাৰিদিনত তাপমাত্রা স্বাভাৱিকতকৈ এক বা দুই ডিগ্রী চেলছিয়াছ কমি যোৱাৰ সম্ভাৱনা আছে। আনহাতে, অৰুণাচল প্রদেশ, নগালেণ্ড, মেঘালয়ৰ লগতে অসমৰ ডিমা হাছাও, বৰাক উপত্যকা আৰু ধুবুৰীকে ধৰি পশ্চিম অসম, বি টি চি আৰু অৰুণাচল প্ৰদেশৰ সীমাবর্তী অঞ্চলসমূহত শীতৰ প্রকোপ অধিক বৃদ্ধি পাব বুলি কোৱা হৈছে৷ পৰৱৰ্তী তিনি-চাৰিদিনলৈ ৰাজ্যৰ কেইবাখনো জিলাত অতি পাতলীয়া ধৰণৰ বৰষুণ হোৱাৰ লগতে নিশাৰ ভাগত তাপমাত্রা যথেষ্ট হ্রাস পাব৷ ৰাজ্যৰ বিভিন্ন ঠাইত মাজনিশাৰ পৰা পৰা পুৱতি নিশালৈকে ডাঠ কুৱলীৰ আচ্ছাদন দেখা গৈছে৷পৰাৰ সম্ভাৱনা আছে। এসপ্তাহলৈ ডাঠ কুঁৱলী অব্যাহত থকাৰ লগতে আকাশ ডাৱৰীয়া হৈ থাকিব বুলিও কোৱা হৈছে৷
