গুৱাহাটী মাষ্টাৰ্ছ ছুপাৰ ১০০ আন্তৰ্জাতিক বেডমিণ্টন

গুৱাহাটী মাষ্টাৰ্ছ ছুপাৰ ১০০ আন্তৰ্জাতিক বেডমিণ্টন মহিলাৰ একক শাখাৰ ছেমিত ভাৰতৰ অনমল-মানসী ভাৰতৰ অনমল খাৰ্ব আৰু মানসী সিং গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পৰ কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ ইনড’ৰ ষ্টেডিয়ামত চলি থকা বি ডব্লিউ এফ ট্যুৰৰ ছুপাৰ ১০০ বেডমিণ্টন প্ৰতিযোগিতা গুৱাহাটী মাষ্টাৰ্ছ-২০২৪ ৰ মহিলাৰ একক শাখাৰ ছেমিফাইনেলত প্ৰৱেশ কৰিছে৷ আনহাতে, চীনৰ প্ৰতিদ্বন্দ্বীৰ বিৰুদ্ধে পৰাস্ত হৈ কোৱাৰ্টাৰ ফাইনেলত বিদায় লৈছে তনবী শৰ্মাই৷ মহিলাৰ একক শাখাৰ ছেমিফাইনেলত প্ৰৱেশ কৰা অন্য দুই শ্বাটলাৰ হ’ল চীনৰ৷ ৱু লিউ য়ুৱে ভাৰতৰ তনবীক পৰাস্ত কৰাৰ বিপৰীতে কোৱালিফায়াৰ চাই য়ান য়ানে দেশৰে প্ৰতিদ্বন্দ্বীক পৰাস্ত কৰি চমক সৃষ্টি কৰে৷ ইফালে, পুৰুষৰ একক শাখাৰ কোৱাৰ্টাৰ ফাইনেলত ভাৰতৰ আয়ুষ ছেট্টী, ৰবি ৰবি আৰু তৰুণ মানিপালি পৰাস্ত হোৱাৰ বিপৰীতে আয়োজক দেশৰ হৈ একমাত্ৰ খেলুৱৈৰূপে জয়ৰে ছেমিফাইনেলত প্ৰৱেশ কৰিছে সতীশ কুমাৰে৷ তেওঁ থাইলেণ্ডৰ ছাৰন জামশ্ৰীক ২১-১৯, ২১-১৩ ৰ পোনপটিয়া ব্যৱধানত পৰাস্ত কৰে৷