কাইলৈ কথাশিল্পী হোমেন বৰগোহাঞিৰ ৯৩সংখ্যক ওপজা দিন
প্ৰয়াত সাহিত্যিক, সাংবাদিক হোমেন বৰগোহাঞিৰ ৭ ডিচেম্বৰ অৰ্থাৎ কাইলৈ জন্মদিন। বিভিন্ন প্ৰান্তত বৰগোহাঞিৰ ৯৩সংখ্যক ওপজা দিন উদযাপনৰ প্ৰস্তুতি চলোৱা হৈছে দেখা পোৱা গৈছে। সমান্তৰালকৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ফণীধৰ দত্ত প্ৰেক্ষাগৃহত আয়োজন কৰা হৈছে 'কথাশিল্পীলৈ শ্ৰদ্ধাঞ্জলি' অনুষ্ঠান। এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু লগতে উপস্থিত থাকিব ডাঃ ৰণোজ পেগু। এই বৰ্ষত বিশিষ্ট সাহিত্যিকগৰাকীৰ জন্ম দিৱস উপলক্ষ্যে ৩১ গৰাকী সাহিত্যিকলৈ ২০২৪ বৰ্ষৰ সাহিত্যিক পেঞ্চন আৰু বঁটা প্ৰদান কৰিব। ২০২৪ বৰ্ষত সাহিত্যিক বঁটা লাভ কৰিছে: ডিম্বেশ্বৰ শইকীয়া, তৰুণ চন্দ্ৰ শইকীয়া, চিকাৰী তিহু, ড০ হিমাশিস কুমাৰ ভট্টাচাৰ্য, ড০ ৰামচন্দ্ৰ ডেকা, হৰিদেৱ পাঠক, মিনতি দলে, এলিজা শৰ্মা, ষড়ানন দেউৰী, খৰ্গেশ্বৰ ভূঞা, কৰুণাকান্ত ৰায়, জুলিয়ানা বেগম, গজেন্দ্ৰ অধিকাৰী, ব্ৰজগোপাল সিন্হা, চাৰু মোহন ৰাভা, চন্দ্ৰ কান্ত শইকীয়া, মানিক ৰাভা, পবিত্ৰ বৰবৰা, দুলাল চন্দ্ৰ দাস, ড০ অদিতি বেজবৰুৱা, ছাৰএৎ হান্সে, ক্ষেমৰাজ নেপাল, ঋতুৰাজ বসুমতাৰী, পৰিতোষ তালুকদাৰ, গীতা দাস, ড০ জগদিন্দ্ৰ ৰায়চৌধুৰী, বিষ্ণু ডেকা আৰু শৰৎ চন্দ্ৰ চিৰিং ফুকন। ইয়াৰোপৰি ২০২৪ বৰ্ষৰ সাহিত্যিক পেঞ্চন লাভ কৰা ব্যক্তিকেইগৰাকী হৈছে: কাছাৰৰ শীলা মোহান্ত, শোনিতপুৰৰ দিলীপ কুমাৰ ফুকন, লখিমপুৰৰ খগেন্দ্ৰ নাথ বৰা।
