ৰঞ্জী ট্ৰফীত ৰিয়ান পৰাগৰ ধুমুহা, ৰঞ্জীৰ ইতিহাসৰ দ্বিতীয় দ্ৰুত শতক

এইবাৰ ৰঞ্জী ট্ৰফীত ৰিয়ান পৰাগৰ বেটৰ ধুমুহা। ৰঞ্জী ট্ৰফীৰ ইতিহাসত দ্বিতীয় দ্ৰুততম শতকৰ অভিলেখ গঢ়িলে অসমৰ অধিনায়ক ৰিয়ান পৰাগে। ৫৬টা বলত শতৰান ৰিয়ান পৰাগৰ। ৰায়পুৰত ছত্তীশগড়ৰ বিৰুদ্ধে ৰঞ্জী ট্ৰফীৰ গ্ৰুপ Bৰ মেচত ৰিয়ানৰ ৰিয়ানৰ এই অভিলেখ। মেচখনত অসমৰ পৰাজয় সত্ত্বেও দৃষ্টি কাঢ়িলে ৰিয়ানে।মুঠ ৮৭ বলত ১২টা ছয়, ১১টা ৪ৰে ৰিয়ানে ১৫৫ ৰান কৰি আউট হয়। অৱশ্যে ৰিয়ানৰ বেটিং বিক্ৰমৰ পাছতো মেছখনত ১০ উইকেটৰ ব্যৱধানত অসমে পৰাজয় বৰণ কৰে। মেছখনত ছত্তিশগড়ে প্ৰথমে বেটিং কৰি সংগ্ৰহ কৰে ৩২৭ ৰাণ। প্ৰত্যুত্তৰত অসমে নিজৰ প্ৰথম ইনিংছত কেৱল ১৫৯ ৰাণহে সংগ্ৰহ কৰি ফল' অনৰ সন্মুখীন হয়। অসমে দ্বিতীয় ইনিংছত ৰিয়ানৰ অনবদ্য প্ৰদৰ্শনৰ পাছতো বাকী বেটাৰৰ ব্যৰ্থতাৰ বাবে ২৫৪ ৰাণহে কৰিবলৈ সক্ষম হয়। জয়ৰ বাবে প্ৰয়োজনীয় মাত্ৰ ৮৭ ৰাণ ছত্তীশগড়ে এটাও উইকেট নেহেৰুৱাকৈয়ে সংগ্ৰহ কৰি ১০ উইকেটত বিজয় সাব্যস্ত কৰে। ৰঞ্জী ট্ৰফীত দ্ৰুততম শতৰানৰ ৰিয়ানৰ আগত আছে কেৱল ঋষভ পণ্ট। পণ্টৰ নামত আছে ৰঞ্জী ট্ৰফীত দ্ৰুততম শতৰানৰ অভিলেখ। ২০১৬ত ঋষভ পণ্টে ৪৮টা বলত কৰিছিল শতক।