ম’হ যুঁজ, বুলবুলি যুঁজত ন্যায়ালয়ৰ বাধা

ৰাজ্যত পুনৰ নিষিদ্ধ হৈছে ম'হ যুঁজ আৰু বুলবুলি চৰাইৰ যুঁজ। গুৱাহাটী উচ্চ ন্যায়ালয়ে আজি এই সম্পৰ্কত এটা গুৰুত্বপূৰ্ণ ৰায় দিছে। ন্যায়ালয়ে আজি এক নিৰ্দেশ যোগে ৰাজ্য চৰকাৰে ২০২৩ চনৰ ২৭ ডিচেম্বৰত জাৰি কৰা ম’হ যুঁজ আৰু বুলবুলি যুঁজ সম্পৰ্কীয় এছঅ’পি খাৰিজ কৰিছে৷ অসম চৰকাৰৰ এই এছঅ’পিৰ বিৰুদ্ধে ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল PETA নামৰ স্বেচ্ছাসেৱী সংগঠনটো। আঁহতগুৰিত অনুষ্ঠিত ম’হ যুঁজ আৰু হাজোত অনুষ্ঠিত বুলবুলি চৰাইৰ যুঁজৰ চৰজমিন অনুসন্ধান কৰি গুচৰীয়াই আদালতত যুঁজোৱা ম’হ আৰু বুলবুলিৰ প্ৰতি হোৱা নৃশংসতাৰ তথ্য প্ৰমাণ দাখিল কৰিছিল ।