নিতৌ এগিলাচ কুঁহিয়াৰ ৰসে আপোনাৰ শৰীৰৰ কিমান উপকাৰ কৰিব পাৰে জানেনে?

কুঁহিয়াৰ ৰস যথেষ্ট পৰিমাণে ভাৰতত উৎপাদন কৰা হয় আৰু ই স্বাস্থ্যৰ পক্ষে খুবেই লাভজনক। কুঁহিয়াৰত কেলচিয়াম, ক্ৰমিয়াম, কঁপাৰ, মেগনেছিয়াম, পটেছিয়াম, জিংক আদিৰ ওপৰিও ভিটামিন এ, বি-1, বি-2, বি-3, বি-5, বি-6 , ভিটামিন চি, প্ৰটিন আৰু খাদ্য পাচক ফাইবাৰ আদি থাকে। ইমান সহজে উপলব্ধ এই কুঁহিয়াৰ ৰসে আপোনাৰ শৰীৰটোৰ কিমান উপকাৰ কৰে জানোঁ আহক। ১.উৰ্জা/ এনাৰ্জি প্ৰদান কৰে । গ্লুক'জৰ ভাল উৎস হোৱাৰ বাবে শৰীৰক হাইড্ৰেট কৰি ৰখাৰ লগতে এনাৰ্জি বুষ্টাৰৰ কাম কৰে। ২.ডায়েবেটিচ ৰোগীৰ বাবে উপকাৰী কাৰণ ইয়াত থকা প্ৰাকৃতিক চেনীয়ে গ্লাইচেমিক ইণ্ডেক্সৰ লগতে তেজত থকা গ্লুক'জৰ মাত্ৰা নিয়ন্ত্ৰণ কৰে। ৩. কেঞ্চাৰজনিত ভাইৰাছৰ পৰা ৰক্ষা কৰে। ব্ৰেষ্ট আৰু প্ৰষ্টেত কেঞ্চাৰৰ সম্ভাৱনা কম কৰি ৰাখে। ৪. কিডনী সুৰক্ষিত কৰি ৰাখে। মহিলাৰ ইউৰিনাৰী ইনফেকচন, জলন, এচিডীটি আদিৰ পৰা সকাহ দিয়ে। ৫. জণ্ডিচ ৰোগীৰ বাবে যথেষ্ট প্ৰয়োজনীয়। ৬.পাচনপ্ৰক্ৰিয়াৰ বহুতো সমস্যা দূৰ কৰে। ৭.মুখৰ দুৰ্গন্ধ, দাঁতৰ বিভিন্ন সমস্যা দূৰ কৰে আৰু দাঁত পৰিস্কাৰ কৰাত সহায়ক। ৮. ছালৰ দাগ, শালমইনা, নখৰ সমস্যা আদিৰ পৰাও কুঁহিয়াৰ ৰসে যথেষ্ট ৰেহাই দিয়ে। পেকেটৰ পানীয় খোৱাতকৈ এগিলাচ কুঁহিয়াৰ ৰস খোৱাটো স্বাস্থ্যৰ পক্ষে যথেষ্ট লাভদায়ক।