প্ৰথম ৰাউণ্ডতে বিদায় অসম কন্যা ঈশাৰাণীৰ
গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পৰ কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ ইনড’ৰ ষ্টেডিয়ামত চলি থকা বি ডব্লিউ এফ ট্যুৰৰ ছুপাৰ ১০০ বেডমিণ্টন প্ৰতিযোগিতা গুৱাহাটী মাষ্টাৰ্ছ-২০২৪ ৰ প্ৰথম ৰাউণ্ডৰ মেচতে পৰাস্ত হৈ বিদায় লৈছে অসমৰ ঈশাৰাণী বৰুৱাই৷ বুধবাৰে হোৱা মহিলাৰ একক শাখাৰ মেচত অষ্টম স্থানৰ ঈশাৰাণীক তিনিটা ছেটৰ অন্তত দেশৰে বাচনি বিহিন শ্বাটলাৰ অনমল খাৰ্বেই ২১-১০, ১৮-২১, ২১-১৮ ৰ ব্যৱধানত পৰাস্ত কৰে৷ ইপিনে, কালি পুৰুষৰ ডাবলছ শাখাৰ কোৱালিফায়িং ৰাউণ্ডৰ মেচত পৰাস্ত হোৱা অসমৰ সুৰজ গোৱালাই আজি মিক্সড শাখাৰ ৰাউণ্ড অব ৩২ ৰ মেচত অংশ লয় যদিও পৰাজিত হয়৷ সুৰজ আৰু তেওঁৰ সংগী নবদ্ধা মংগলমক ২১-১২, ২১-১২ ৰ পোনপটীয়া ছেটত পৰাস্ত কৰে ভাৰতৰে যুটি আশীষ সূৰ্য আৰু অৰ্মুথা প্ৰমোথেছে৷ যোৱানিশা কোৱালিফায়িং ৰাউণ্ডত অসমৰ অৰিজিত চলিহা পুৰুষৰ একক শাখাৰ মেচত এছ শংকৰৰ হাতত ২২-২০, ১৪-২১, ১৮-২১ ত পৰাস্ত হয়৷ অসমৰে অঞ্জন শইকীয়া আৰু ৰঞ্জন শইকীয়া যুটি পুৰুষৰ একক শাখাৰ কোৱালিফায়িং ৰাউণ্ডৰ প্ৰথম ৰাউণ্ডৰ মেচত ২১-১৫, ২১-৮ ত জয়লাভ কৰিছিল যদিও কোৱাৰ্টাৰ ফাইনেলত ৭-২১, ১৪-২১ ত পৰাস্ত হোৱাত মুল ৰাউণ্ডলৈ যোগ্যতা অৰ্জনত বিফল হয়৷ ভাৰতীয় বেডমিণ্টন ফেডাৰেছনৰ সহযোগত অসম বেডমিণ্টন সন্থাই ক্ৰমাগত দ্বিতীয়বাৰৰ বাবে মহানগৰীত আয়োজন কৰা প্ৰতিযোগিতাখনৰ আজি হোৱা অন্য মেচত ভাৰতীয় মিক্সড যুটি ধ্ৰুৱ কাপিলা আৰু তনিশা ক্ৰাষ্টোই চীনৰ যুটীক হৰুৱাই প্ৰি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে৷ আনহাতে, তনবি শৰ্মাই মহিলাৰ এককত আৰু আায়ুষ ছেট্টীয়ে পুৰুষৰ একক শাখাৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰিছে৷
