বিৰোধীয়ে আগুৱালে, আছুৱে পিছুৱালে

১৬ দলীয় বিৰোধী ঐক্য মঞ্চই “কা” বিৰোধী আন্দোলন আগুৱাই অনাৰ বিপৰীতে সদৌ অসম ছাত্ৰ সন্থাই আন্দোলনৰ দিন পিছুৱাই দিছে৷ উল্লেখ্য যে অহা ৯ মাৰ্চত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে যোৰহাটত মহাবীৰ লাচিত বৰফুকনৰ এটা প্ৰতিমূৰ্তি উন্মোচন কৰিব৷ সদৌ টাই আহোম ছাত্ৰ সন্থা আৰু টাই আহোম যুৱ পৰিষদে সেইদিনটোত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ নকৰিবলৈ আহ্বান জনাইছিল৷ মুখ্যমন্ত্ৰীয়ে সেইদিনটোত “অসমীয়া”সকলে আন্দোলন নকৰে বুলি মন্তব্য কৰিছিল৷ টাই আহোম সংগঠনৰ আহ্বানৰ প্ৰতি সহাঁৰি জনোৱা বুলি কৈ বিৰোধী ঐক্য মঞ্চই তেওঁলোকৰ আন্দোলনৰ কাৰ্যসূচী এদিন আগুৱাই আনিছে৷ মঞ্চই ৯ মাৰ্চত কাজিৰঙা লোকসভা সমষ্টিৰ কলিয়াবৰত অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ আহ্বান দিছিল৷ এতিয়া তেওঁলোকে ৮ মাৰ্চত এই ধৰ্মঘট কৰিব৷ ইপিনে, আছুৱে আহ্বান দিয়া ১২ ঘণ্টীয়া অনশন কাৰ্যসূচী ১০ মাৰ্চলৈ পিছুৱাই দিয়া হৈছে৷