ছেলফি উইথ লাভাৰ্থী: বিজেপিৰ নতুন প্ৰচাৰ কৌশল

চৰকাৰী আঁচনিৰ হিতাধিকাৰীক বিজেপিৰ ভোটাৰত পৰিণত কৰিবৰ বাবে বিজেপিয়ে হাতত লৈছে বিশেষ পদক্ষেপ। গেৰুৱা দলটোৱে দলীয় নেতা-কৰ্মীক চৰকৰী আঁচনিৰ হিতাধিকাৰীসকলক প্ৰত্যক্ষভাৱে দলটোৰ নিৰ্বাচনী প্ৰচাৰৰ অংশীদাৰ কৰি তুলিবৰ বাৰ বাবে আৰম্ভ কৰিছে 'ছেলফি উইথ লাভাৰ্থী' নামেৰে প্ৰচাৰ অভিযান। অসমতো দলটোৰ কৰ্মীসকলক এই অভিযানৰ বাবে সাজু কৰি তোলা হৈছে। বাজপেয়ী ভৱনত বিশেষভাৱে নিৰ্বাচিত দলীয় কৰ্মীক প্ৰদান কৰা হৈছে ' ছেলফি উইথ লাভাৰ্থী'ৰ প্ৰশিক্ষণ। দলটোৰ প্ৰভাৰী অবিনাশ কোহলীৰ তত্বাৱধানত চলি আছে প্ৰশিক্ষণ। চৰকাৰী আঁচনিৰ সকলো হিতাধিকাৰীৰ সৈতে দলীয় কৰ্মীয়ে ছেলফি উঠি বিজেপিৰ নিজা ৱেবছাইট আৰু সামাজিক মাধ্যমত আপলোড কৰিব লাগিব। বিজেপিৰ এই প্ৰচাৰ কৌশলক সমালোচনা কৰিছে বিৰোধীয়ে।